
Office of the General Secretary, @jatiyaparishad. Former Minister, Govt. of Assam. RTs & likes are neither my views nor endorsements.
Assam, India
Joined March 2023
- Tweets1.8K
- Following58
- Followers1.4K
- Likes2.7K
Pinned Tweet
॥তেজে ধোৱা বুৰঞ্জীৰ ৩০ বছৰীয়া দস্তাবেজৰ শেষ পৃষ্ঠা ॥
ভাৰতীয় সেনাই ভুৱা এনকাউণ্টাৰৰ দ্বাৰা নৃশংসভাৱে হত্যা কৰা ডাঙৰীৰ ৫ জন যুৱকৰ পৰিয়ালে কালি পালে ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ
কালি নিশা মোৰ এখন যুঁজ সমাপ্ত হ’ল ।
এইখন যুঁজত আমি চাগে' আংশিকভাৱে জয়ী হলো, কাৰণ ভাৰত চৰকাৰে ক্ষতিপূৰণ দি যুৱককেইজন নিৰ্দোষী বুলি স্বীকাৰ কৰিলে ৷ সেইটো আমাৰ জয় ৷ কিন্তু হত্যাকাৰী সেনা বিষয়া কেইজনক শাস্তিৰ পৰা ৰেহাই দিলে, সেইবাবেই মই এই যুজঁৰ ফলাফলক আংশিক সফলতা বুলি কৈছো।
যি কি নহওক, অৱশেষত সুদীৰ্ঘ ৩০ বছৰৰ পিছত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে মই কৰি থকা দীঘলীয়া যুঁজখনৰ শেষ পৃষ্ঠাৰ সমাপ্তি হ’ল ৷ আদালতৰ নিৰ্দেশ অনুসৰি দুৰ্ভগীয়া পৰিয়ালকেইটাৰ একাউন্টত কালি ৩১ জুলাই তাৰিখে ২০ লাখকৈ টকা জমা হ'ল ৷
মই বা আমি সফল হ’লো নে বিফল হ’লো নাজানো; কিন্তু আংশিক ন্যায় পালো।
নিজৰ কোনো স্বাৰ্থ নোহোৱাকৈ কাৰোবাৰ বাবে দীঘলীয়া সময় যুঁজি থকাৰ অন্তত যেতিয়া যুঁজ খনৰ এটা সন্তোষজনক সমাপ্তি হয়, হৃদয়ত অনাবিল আনন্দ পোৱা যায়।
৩০ বছৰ পূৰ্বে ৫ জন নিৰীহ যুৱকক সেনা বাহিনীয়ে ঘৰৰ পৰা উঠাই নি সেনা শিবিৰত নৃশংস নিৰ্যাতন চলাইছিল। যুৱককেইজনৰ বাবে মই মহামান্য উচ্চ ন্যায়ালয়ত বন্দী প্ৰতক্ষীকৰণৰ আবেদন কৰিছিলো ৷ মহামান্য উচ্চ ন্যায়ালয়ে যুৱক কেইজনক নিকটৱৰ্তী দণ্ডাধীশৰ ওচৰত হাজিৰ কৰিবলৈ সেনাক নিৰ্দেশ দিলে ৷ কিন্তু ইতিমধ্যেই যুৱককেইজনক নৃশংস ভাৱে নিৰ্যাতন চলোৱা হৈছিল ৷ সেই নিৰ্যাতন ইমান ভয়ঙ্কৰ আছিল যে কোনোবাজনৰ যদি চকু ফুটাই দিয়া হৈছিল , কোনোবাজনৰ আঁঠুৰ ঘিলা ভাঙি দিয়া হৈছিল ৷ আন কোনোবাজনৰ জিভা কাটি দিছিল ৷ গতিকে যুৱক কেউজনক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰিব পৰা অৱস্থাত নাছিল বাবেই সেই ৫ জন যুৱকক ডিব্ৰু-ছৈখোৱা ৰাষ্চ্ৰীয় উদ্যানৰ মাজলৈ নি গুলিয়াই হত্যা কৰি উগ্ৰপন্থীৰ লগত এনকাউণ্টাৰ বুলি সেনাই ঘোষণা কৰিলে।
সেয়া এক হৃদয়বিদাৰক ঘটনা।
মই পুনৰ আদালতত লেখ আবেদন দাখিল কৰিলো ৷ তাৰ পিছত দীঘলীয়া পৰিক্ৰমা ৷ CBI তদন্ত, উচ্চতম ন্যায়ালয়,সেনাৰ ক'ৰ্ট মাৰ্শ্বেল ৷ তাৰ পিছত সূদীৰ্ঘ ২৯ বছৰৰ পিছত ন্যায়ালয়ে দিলে ক্ষতিপূৰণৰ নিৰ্দেশ আৰু ৩০ বছৰৰ পিছত কালি পৰিয়াল সমূহে পালে ২০ লাখ টকাকৈ ক্ষতিপূৰণ।
মোৰ ৩০ বছৰীয়া দস্তাবেজৰ কালি নিশা শেষ পৃষ্ঠাৰ সমাপ্তি হ’ল ।
এই যুঁজখনৰ ফলাফলত নি:স্ব আৰু অখ্যাত কেইজনমান সাধাৰণ ভাবে জীৱন নিৰ্বাহ কৰা চকীদাৰ, নাৱৰীয়া আদিৰ দৰে সাহসী ব্যক্তিৰ অপৰিসীম ত্যাগ জড়িত আছে আৰু নৈতিকভাৱে দায়িত্ব ল’ব লগা বহু ডাঙৰ আৰু বিখ্যাত নেতা এই যুঁজ খনৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিল ৷ এই ৩০ বছৰত দায়িত্ব লব লগা সকলে মোক কেতিয়াও এবাৰো নুসুধিলে যে যুঁজখন কি পৰ্যায়ত আছে !
আদালতৰ ৰায়দানৰ পিছতো সেই সকলে মোক ফোন এটা কৰিও খবৰ ল’বলৈ বোধহয় আহৰি নাপালে।
যি কি নহওক, যিকোনো সামাজিক ন্যায়ৰ যুঁজত সাধাৰণ লোকসকলেই সকলো ত্যাগ স্বীকাৰ কৰে আৰু নিৰাপদ দূৰত্বত থকা সকলে সকলো সুফল ভোগ কৰে।
এই ৩০ বছৰীয়া যুঁজ খনত কি পালো বা কি হেৰুৱালো সেয়া বিচাৰৰ ভাৰ সময়ৰ হাতত দিলো ৷ কিন্তু এটা সফলতা নিশ্চিত ভাৱে হৈছে সেয়া হ’ল, ভবিষ্যতলৈ কোনো নিৰীহ ব্যক্তিক যদি ক্ষমতাৰ অপব্যৱহাৰ কৰি অন্যায় ভাৱে আৰক্ষী বা নিৰাপত্তা বাহিনীয়ে হত্যা কৰে, ইতিহাসৰ পুনৰাবৃত্তি হ’ব, আৰু কোনোবা জগদীশ ভূঞাই ৩০ বছৰ যুঁজি হ'লেও দোষীক শাস্তি দিবলৈ সক্ষম হ’ব ।
এয়াই আমাৰ দেশৰ গণতন্ত্ৰৰ মাদকতা ৷
পলম হ'লেও যুঁজি থাকিলে এদিন ন্যায় পোৱা যায়।
এই যুঁজখনত মোক সহায় কৰা প্ৰতিজনকে হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছো ৷ যদিও সেই সকলৰ সৰহসংখ্যকৰেই মোৰ এই প'ষ্ট চাব পৰা ফোন নাই গতিকে সেইসকলে নাজানিব মই যে কৃতজ্ঞতা জনাইছো সেইবাবেই মই সেই সকলৰ ঘৰলৈ গৈ এদিন কৃতজ্ঞতা জনাম।
আনন্দ আৰু বেদনা সংমিশ্রিত হৃদয়ৰে ৩০ বছৰীয়া তেজেধোৱা বুৰঞ্জীৰ পৃষ্ঠাবোৰ আজৰি সময়ত মনত পেলাম। মোৰ জীৱন যাত্ৰাৰ সফলতা আৰু বিফলতাৰ ওখোৰা মোখোৰা পথত এই পৃষ্ঠা সমূহ সদায় সংপৃক্ত হৈ ৰ’ব।
পৰিশেষত,এই যুঁজৰ অন্যতম সেনাপতি সকল অধিবক্তা সৰ্বশ্রী অনিল কুমাৰ ভট্টাচাৰ্য, প্ৰনাৱনন্দ পাঠক, কমলনয়ন চৌধুৰী আৰু পৰী বৰ্মন বাইদেউ,মৰোনোত্তৰ পৰীক্ষা কৰা ডা০মহন্ত, সেই সময়ৰ অতিৰিক্ত উপায়ুক্ত পি কে গোস্বামী,সেই সময়ৰ ডুমডমাৰ ৰাজহ চক্ৰ বিষয়া নিৰঞ্জন বৰুৱা, তালাপ আৰক্ষী চকীৰ সেইসময়ৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক গোস্বামী,এই সকলোকে আজি মই হৃদয়ৰ পৰা কৃতজ্ঞতা জনাইছো।
আৰু এজনক কৃতজ্ঞতা নজনালে মোক পাপে চুব, সেইজন হ’ল সেই সময়ৰ তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক প্ৰয়াত আৰ কে সিং আৰু কৃতজ্ঞতা জনাইছো ক'ৰ্ট মাৰ্শ্বেলৰ সময়ত অভিযোগকাৰীৰ পক্ষত ঠিয় দিয়া অধিবক্তা মেজৰ কৰণ সিং ।
তালাপৰ সংবাদকৰ্মী নিৰ্মল বৰা আৰু ছাত্ৰ কৰ্মী পুহেশ্বৰ সোনোৱালে এই দিঘলীয়া সময়ত মোৰ পৰা মোকৰ্দমাৰ বিষয়ে প্ৰায়েই খবৰ কৰিছিল, তেওঁলোক দুজনকো ধন্যবাদ জনালো।
প্ৰতিভাৰ কোনো ভৌগোলিক সীমা নাই। সপোন, সাধনা আৰু বিজ্ঞানমনস্কতাৰে অসমৰ এখন ভিতৰুৱা গাঁৱৰ পৰাও যে বিশ্ব মানৱ সভ্যতাৰ উত্তৰণত অৰিহণা যোগাব পাৰি, তাৰ এক উজ্জ্বল নিদৰ্শন
ড° ৰুবুল মাউত।
নিজৰ প্ৰতিভা, গৱেষণা আৰু উদ্ভাৱনেৰে বিশ্বৰ বিজ্ঞান জগতত অসমৰ নাম উজলাই তোলা এইগৰাকী অসম সন্তান কেৱল অসমৰেই গৌৰৱ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ গৌৰৱ।
এজন অসমীয়া হিচাপে মই ৰুবুল মাউতক লৈ সদায় গৌৰৱাম্বিত কিন্তু বিশেষভাৱে গৌৰৱান্বিত হোৱাৰ অন্যতম কাৰণ হ’ল, ডা০ ৰুবুল মাউত আমাৰ ঘৰৰ প্ৰতিবেশী গাঁও এখনৰ সন্তান।
আমাৰ কাকপথাৰৰ ঘৰৰ পৰা আধাঘণ্টাৰ দূৰত্বত অৱস্থিত কৈলাশপুৰ নামৰ সৰু গাঁও এখনত তেওঁৰ জন্ম আৰু তেওঁ সেইখন গাঁৱৰে সন্তানৰুবুল মাউত।
বিভিন্ন সমস্যাৰে জৰ্জৰিত এখন ভিতৰুৱা সৰু গাঁৱৰ পৰা গৈ বিশ্বৰ মানৱ সভ্যতাৰ বাবে কাম কৰাটো নিশ্চিতভাৱে প্ৰতিজন অসমীয়াৰ বাবে গৌৰৱৰ বিষয়।
ড° ৰুবুল মাউতক নতুন প্ৰজন্মৰ প্ৰতিজন অসমীয়াই আদৰ্শ হিচাপে গ্ৰহণ কৰিব লাগে। কাৰণ, বিজ্ঞানমনস্কতা আৰু বৈজ্ঞানিক চিন্তা-চেতনাইহে সমাজ আৰু সভ্যতাক আগুৱাই নিব।
অন্ধভক্তি আৰু ধৰ্মান্ধতাই আমাৰ সমাজক অন্ধকাৰৰ দিশলৈহে লৈ যাব।
অন্ধভক্তি আৰু ধৰ্মান্ধতাৰ আলম লৈ এটা বিশেষ শ্ৰেণীৰ লোকে সকলো দিশৰ পৰা সমাজক কেৱল এটা বন্ধ কোঠাৰ মাজত আৱদ্ধ কৰি ৰখাৰ চেষ্টা কৰে।
অসমীয়া যুৱ প্ৰজন্মই ধৰ্মান্ধতা আৰু অন্ধভক্তিৰ ঊৰ্ধ্বলৈ গৈ বৈজ্ঞানিক দৃষ্টিভংগীৰে সকলো বিষয় বিশ্লেষণ কৰক।
জুবিনে সকলো অন্ধভক্তি আৰু ধৰ্মান্ধতাৰ ঊৰ্ধ্বত থাকি এই প্ৰগতিশীল চিন্তাৰে নিজেও আগবাঢ়িছিল আৰু অসমৰ যুৱ প্ৰজন্মকো এই দিশেৰে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল। সেইবাবেই জুবিন অনন্য।
কেৱল ৰুবুল মাউতক লৈ গৌৰৱ কৰিলেই আমাৰ দায়িত্ব শেষ নহয়। তেওঁৰ দৰে হাজাৰজন প্ৰতিভাৰ বিকাশৰ বাবে অসমত এক বিজ্ঞানমনস্ক, যুক্তিবাদী আৰু প্ৰগতিশীল সামাজিক পৰিৱেশ গঢ়ি তুলিব লাগিব।
আমাৰ নতুন প্ৰজন্মই অন্ধবিশ্বাসৰ পৰিৱৰ্তে যুক্তিক, ধৰ্মান্ধতাৰ পৰিৱৰ্তে মানৱতাক আৰু সংকীৰ্ণতাৰ পৰিৱৰ্তে মুক্ত চিন্তাক আঁকোৱালি লওক।
অসমৰ প্ৰতিখন গাঁৱতে জ্ঞান আৰু বিজ্ঞানৰ পোহৰ বিয়পি পৰক। অসমৰ মাটিৰ পৰা হাজাৰজন ৰুবুল মাউতৰ জন্ম হওক।
অসম কেৱল অতীতৰ গৌৰৱত গৌৰৱান্বিত হৈ থকা এখন সমাজ নহওক, জ্ঞান, বিজ্ঞান আৰু উদ্ভাৱনেৰে বিশ্বৰ ভৱিষ্যৎ নিৰ্মাণ কৰা এখন সমাজ হৈ উঠক।
ডা০ ৰুবুল মাউতলৈ হৃদয়ৰ পৰা বহুত তেনেহ আৰু শুভকামনা ….
আহোম জনগোষ্ঠীক বিভাজিত কৰাৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে !
স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়ি যোৱা অসমীয়া জাতিৰ মূল আধাৰ আহোম জনগোষ্ঠীক বিভাজিত কৰাৰ ষড়যন্ত্ৰই অসমীয়া জাতিক দুৰ্বল কৰিব।
অসমীয়া জাতিক দূৰ্বল কৰাৰ এই ষড়যন্ত্ৰৰ আৰত কোন ??
6
174
Another chapter in the growing saga of alleged scams in the name of Sanatan Dharma.
This time, from Arunachal Pradesh in Northeast India.
First, it was Lord Ram. Now, it is Lord Parashuram.
Is religious faith being exploited for financial gain once again?
More details coming soon. Stay tuned.
My Tata Safari Gold, purchased in January 2022, has meant nearly four years of frustration, at least 100 times service centre visits, five roadside breakdowns and approximately ₹6 lakh spent on servicing and maintenance in 4 years.
On 6 November, its engine suddenly stopped while I was driving on a Guwahati highway. It was towed around midnight and remains at Bimal Cars, Six Mile, as of 18 November.
Despite repeated complaints since 2022, I am still waiting for a clear explanation and a lasting solution. Repeated unanswered calls to the workshop’s GM have added to my frustration.
Is this the ownership experience a customer should expect from a premium Tata vehicle? I seek urgent intervention, a written technical explanation and accountability.
@TATA_CARS @TataMotors
#TataSafari #CustomerService
And we proudly call ourselves the world’s largest democracy !
I got a visa to India and was supposed to leave this morning to attend the Bharat Summit in Hyderabad. I had been invited as a panelist and speaker on the future of media and press freedom.
But «orders from above» in the Ministry of Home Affairs have cancelled my visa.
Here is my message for @AmitShah
I extend my full solidarity to the people of Arunachal Pradesh peacefully and democratically resisting mega dams.
I fear these projects could devastate downstream Assam’s ecology, livelihoods and the very foundations of our civilisation.
Assam must wake up—our silence today could cost future generations dearly.
Respect people’s voices, protect indigenous rights and safeguard the Siang–Brahmaputra. Their struggle is our struggle.
@PMOIndia @narendramodi @PemaKhanduBJP @himantabiswa @CMOfficeAssam @KirenRijiju @ChownaMeinBJP @moefcc
#SaveSiang #SaveBrahmaputra
#SaveNERegion
1
7
286
Thank you very much.
It is the inspiration of people like you that gives me the courage and strength to keep fighting.
I deeply admire your unwavering determination and commitment as a fighter for our people’s rights and aspirations.
জন্মদিনৰ শুভেচ্ছা জনালোঁ @OfficeOfJB
I have always admired his consistency, clarity of thought & unwavering commitment to regionalism and Assam's core issues. Wishing him a happy birthday & many more years of good health and strength.
Thank you, Kunki, for your inspiring words. I’ll always cherish them, and they will continue to motivate me.
You are the youth, so always stand firmly by what you believe is right. I’m genuinely happy to see your strength, conviction, and motivation. Never lose that spirit, and always keep your love for our region alive. Stay rooted, stay strong, and keep raising your voice for what you believe in.
Happy Birthday, Jagadish Bhuyan Sir.
In politics, it is easy to adjust with the times, but difficult to stand by your convictions. Your commitment to Assamese nationalism and the rights of our people reflects that courage.
For us, Assamese nationalism is about our language, land, culture, identity and dignity. It is also about ensuring that every community living in Assam has a place in our shared future.
At a time when the younger generation is trying to find its own political voice, we need leaders who remind us why principles matter more than power.
Wishing you good health and many more years of strength and service.
জয় আই অসম
8
219
Unable to counter Chinese aggression in Arunachal Pradesh, the Modi government deploys armed forces against our own Gen Z there!
Is this governance or a circus?
What a joke!
#ArunachalPradesh #GenZ #Accountability #Democracy
5
163
অস্তমিত সূৰুযৰ দিশে মোৰ যাত্ৰা ——
পুনৰ আত্মপ্ৰকাশৰ প্ৰতিশ্ৰুতিৰে বিদায় লোৱা অস্তগামী সূৰুযক মই অতি ভাল পাওঁ। কাৰণ, সূৰুযে বিদায় লোৱাৰ সময়ত আমাক সদায় দি যায় পুনৰ উভতি অহাৰ আৰু এটা নতুন প্ৰভাতৰ নিশ্চিত প্ৰতিশ্ৰুতি.....।
2
118
Arresting leaders cannot silence the people’s demand for accountability.
I strongly condemn the arrest of CJP leaders Ashutosh Ranka and Saurav Das and demand their release.
Citizens must be able to question those in power and exercise their constitutional right to peaceful dissent without fear.
I stand in solidarity with Ashutosh, Saurav and all those defending democratic rights.
The supremacy of the people and the Constitution must prevail.
@AbhijitDipkeCJP @AshutoshRanka @SauravDassss @Cockroachisback
@DelhiPolice @AmitShah @HMOIndia @narendramodi @PMOIndia
#CJP #RightToDissent
1
5
197
Paid seat selections ignored twice by @airindia !
On 5 Oct, my paid aisle seat 8C on AI2441 Delhi–Mumbai was changed to middle seat 9E without informing me. That complaint remains unresolved.
Now, for tomorrow’s AI2430 Mumbai–Delhi (10 Oct), my booked Premium Economy aisle seat 6C has been changed to 20C, apparently in Economy, again without notice!
As a Maharaja Club member, I find this repeated disregard for paid bookings unacceptable. Why charge passengers for a preferred seat if the selection is then ignored?
Restore my booked cabin and aisle seat before departure, explain these changes and refund charges for services not provided.
@DGCAIndia @MoCA_GoI @RamMNK
#AirIndia #PassengerRights
One of my most beloved actors
Nana Patekar is no more!
I never met him, nor did I know him personally, yet I loved and admired him. He was Nana Patekar, a truly exceptional personality. He was a rebellious spirit whose actions and philosophy in real life reflected the words he spoke on screen.
His on-screen persona and his real-life self were one and the same, the same man, the same convictions, whether in cinema or in reality! I have always respected people who live by their ideals without compromising them.
I pay my heartfelt tribute to Nana Patekar with profound respect.
নগাঁও লোকসভাৰ উপনিৰ্বাচন হৈ গ’ল।
কোনোবা জিকিব, কোনোবা হাৰিব;
কিন্তু এই নিৰ্বাচনে বহুতৰ ৰং সলনি কৰি দিলে!
* হিন্দু ধৰ্ম বিপদত পৰা বুলি কৈ কৈ যোৱা ১৪ বছৰে ভোট বিচৰা সকলে এইবাৰ হিন্দু ধৰ্ম বিপদত বুলি এবাৰো কোৱা নুশুনিলোঁ!
* জয় শ্ৰী ৰাম ধ্বনিক মূল আধাৰ হিচাপে লৈ ৰাজনীতি কৰা সকলে এইবাৰ জয় শ্ৰী ৰামৰ সলনি কথাই কথাই ইনশ্বাআল্লাহ কোৱাহে শুনিলোঁ!
* মুছলমানক উচ্ছেদ কৰি কষ্ট দিয়াটোৱেই মূল লক্ষ্য বুলি কোৱা সকলে মুছলমানৰ চৰে চৰে গৈ মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া দেখিলোঁ!
* মুছলমানৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিম বুলি গৌৰৱেৰে ঘোষণা কৰি কথাই কথাই মুছলমানক অপমান কৰি ভালপোৱা সকলে হিন্দু-মুছলমান একেই বুলি ঘোষণা কৰাও শুনিলোঁ!
* মুছলমান সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে তুচ্ছ-তাচ্ছিল্য কৰা সকলে কবিতা লিখা মুছলমানক মঞ্চলৈ আদৰি নি আকোৱালি লৈ কবিতা শুনাও দেখিলোঁ….
ৰাজনীতিত বহুতৰে ৰং সলনি হোৱা দেখিছোঁ, কিন্তু “জয় শ্ৰী ৰাম”ৰ পৰা তাৎক্ষণিকভাৱে “ইনশ্বাআল্লাহ”লৈ হোৱা পৰিৱৰ্তন প্ৰথম দেখিলোঁ!
আহিবলগা দিনসমূহত আৰু কি কি পৰিৱৰ্তন হয়, দেখা যাওক!
অসমৰ মুখ্যমন্ত্ৰীয়ে ভোট চোৰৰ মহানায়ক জ্ঞানেশ কুমাৰক ভাৰতৰত্ন দিব লাগে বুলি কোৱা কথাষাৰৰ সৈতে যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ গভীৰ সম্পৰ্ক আছে… !
জ্ঞানেশ কুমাৰে কেৰালাৰ প্ৰাক্তন মুখ্য সচিব এজনক বিজেপিৰ প্ৰাৰ্থিত্ব লৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাৱ দিছিল!
এইজন দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত নে বিজেপিৰ মুখ্য মুখপাত্ৰ?
এইজন জ্ঞানেশ কুমাৰৰ হাতত দেশৰ গণতন্ত্ৰ সুৰক্ষিত নে?
5
152
Police have obstructed a meeting organised by CJP in Guwahati today, with several youths detained and the proposed venue surrounded by police.
Are the authorities so afraid of even a peaceful, democratic gathering?
#cjp
#SaveDemocracy
#Assam
#Guwahati #RightToAssembly
3
101


















